কেইবাখনো ৰাজ্যত আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিৰোধী দলে পেট্ৰ’ল, ডিজেলৰ দামক লৈ ইছ্যু কৰিব পাৰে বুলি আশংকা কৰিয়েই শাসকীয় পক্ষই পেট্ৰ’ল, ডিজেলৰ মূল্য হ্ৰাস কৰাৰ চিন্তা কৰিছে৷
ইতিমধ্যে বিত্ত মন্ত্ৰালয়ে ইন্ধনৰ ওপৰত থকা আবকাৰী শুল্ক হ্ৰাস কৰাৰ কথা বিবেচনা কৰিছে৷
তাৰোপৰি বিত্ত মন্ত্ৰালয়ে পেট্ৰ’লিয়াম মন্ত্ৰালয় আৰু তেল কোম্পানীসমূহৰ সৈতেও কেইবালানিও আলোচনাত মিলিত হৈছে যাতে ৰাজহ হ্ৰাস নকৰাকৈও তেলৰ দাম হ্ৰাস কৰিব পাৰি৷