পাইলট প্ৰশিক্ষণৰ বাবে সাজু হ’ল লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰ৷ আনুষ্ঠানিক ভাৱে আজি শুভ উদ্বোধন কৰিব উত্তৰ-পূবৰ প্ৰথমখন পাইলট ট্ৰেইনিং একাডেমী ৷ Red birid flight training Academyৰ উদ্যোগত লীলাবাৰীত বিমান চলোৱাৰ পাইলত প্ৰশিক্ষণ দিয়া হ’ব ৷
উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে এই ফ্লাইট ট্ৰেইনিং একাডেমি ৰেড বাৰ্ড ফ্লাইটৰ বেনাৰত আৰম্ভ কৰা হৈছে৷ ইতিমধ্যে একাডেমিখনত উত্তৰ পূৱৰ বহু মেধাৱী ছাত্ৰছাত্ৰীয়ে পাইলট প্ৰশিক্ষণ অৰ্থাৎ বিমান চলোৱাৰ শিক্ষা ল’বলৈ নামভৰ্তি কৰিছে ৷ ইতিমধ্যে প্ৰশিক্ষণ দিয়াৰ অৰ্থত মহাৰাষ্ট্ৰৰ পূণেৰ পৰা ৰেড বাৰ্ডৰ দুখন ফ্লাইট লখিমপুৰত উপস্থিত হৈছে৷ আজি অসামৰিক বিমান পৰিবহনৰ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আনুষ্ঠানিক ভাৱে লীলাবাৰীত পাইলত প্ৰশিক্ষণৰ কাৰ্যসুচীৰ শুভাৰম্ভ কৰিব৷ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক সংগ দিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷