নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো ৰাজনৈতিক দলেই প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰে আভুৱা ভাৰি আহিছে সাধাৰণ জনতাক ৷
শাসনাধিষ্ঠ বিজেপি দলেও প্ৰদান কৰি আহিছে ইটোৰ পিছত সিটো ন ন প্ৰতিশ্ৰুতি ৷
নৰেন্দ্ৰ মোদীক ২০১৪ আৰু ২০১৬ চনৰ নিবাচনী প্ৰতিশ্ৰুতি পূৰণৰ বাবে আহ্বান জনাইছে অসম জাতীয় পৰিষদে ৷
সেই সন্দৰ্ভত এক প্ৰেছ বিবৃতি প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে ৷
প্ৰেছ বিবৃতিযোগে অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, অষ্টলক্ষ্মীৰ অন্যতম বুলি গণ্য কৰি প্ৰকৃততে অসমক শোষণহে কৰি আহিছে কেন্দ্ৰই ৷
নৰেন্দ্ৰ মোদীৰ অসম প্ৰেম যে কৃত্ৰিম সেই কথা অসমবাসীয়ে উপলব্ধি কৰিবলৈ আৰু বাকী নাই ৷
অসম চুক্তিৰ ৫নং আৰু ৬নং দফা কাৰ্যকৰী কৰিবলৈকো কোনো দায়িত্ববোধ নেদেখুৱালে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
২০১৪ চনৰ ১৬ মে’ৰ পিছত বাংলাদেশীয়ে টালি-টোপোলা বন্ধাৰ কথা এক প্ৰহসনতহে পৰিণত হ’ল ৷
বিবৃতিটোৰ জৰিয়তে অসমৰ ৰাইজক পুনৰ মিছা কথা নক’বলৈ আহ্বান জনাইছে জগদীশ ভূঞাই ৷
photo: google