নিউজ ডেস্কঃ নেতাজীৰ ১২৫ সংখ্যক জন্ম জয়ন্তীত দেশত মুকলি কৰা হ’ব ১২৫ টকীয়া মুদ্ৰা ।
২৩ জানুৱাৰীৰ পৰা ভাৰতত প্ৰচলন হ’ব এই মুদ্ৰা ।
মুদ্ৰাটোৰ তলত আৰম্ভ কৰা চন উল্লেখ থাকিব ।
মুদ্ৰাৰ ইটো পিঠিত অশোক স্তম্ভ থাকিব আৰু অশোক স্তম্ভৰ তলতে লিখা থাকিব সত্য়মেৱ জয়তে ।
মুদ্ৰা মুকলি কৰাৰ লগে লগে দেশে উদযাপন কৰিব ‘পৰাক্ৰম দিৱস’ ।
২০২১ বৰ্ষৰ পৰা প্ৰতিবছৰে ২৩ জানুৱাৰী দিনটো ‘পৰাক্ৰম দিৱস’ ৰূপে পালন কৰিব ভাৰতবৰ্ষই।
নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনটো বিশেষভাৱে উদযাপন কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে ।
১৯ জানুৱাৰীত এই কথা ঘোষণা কৰে কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ।
নেতাজীৰ ১২৫ সংখ্যক জন্মদিনটো বিশেষভাৱে উদযাপন কৰিবলৈ ২০২০ বৰ্ষৰ ২১ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক আহ্বান জনাইছিল ।
১৮৯৭ চনৰ ২৩ জানুৱাৰীত ওড়িশাৰ কটকত জন্মগ্ৰহণ কৰা নেতাজী সুভাষ চন্দ্ৰ বসুৰ ভাৰতৰ স্বাধীনতা আন্দোলনত উল্লেখনীয় অৱদান আছে ।
নেতাজী সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বতে আজাদ হিন্দ ফৌজ গঠন কৰা হৈছিল ।
তেখেতৰ অদম্য সাহস আৰু দেশৰ প্ৰতি আগবঢ়োৱা নিঃস্বাৰ্থ সেৱাৰ বাবে তেখেতৰ প্ৰতি সন্মান জনাই ভাৰত চৰকাৰে এই দিৱসটো ‘পৰাক্ৰম দিৱস’ হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।