১৮ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব ‘মহাবাহু ব্ৰহ্মপুত্ৰ’ ।
অসমৰ জল পৰিবহণ ব্যৱস্থাত নৱ সংযোজন ৰো-পেক্স জাহাজ ।
নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেঞ্চযোগে মুকলি কৰিব ‘মহাবাহু ব্ৰহ্মপুত্ৰ’ প্ৰকল্পৰ অধীনত ৰো-পেক্স জাহাজ।
লগতে অংশ ল’ব যোৰহাট-মাজুলী সংযোগী দলঙৰ ভূমি-পূজন অনুষ্ঠানত ।
এই কাৰ্যসূচীৰ লগতে প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিব ধুবুৰী-ফুলবাৰী সংযোগী দলঙৰ ।
এই জাহাজ ব্যৱস্থাই নিমাতীঘাট-মাজুলী, উত্তৰ গুৱাহাটী- দক্ষিণ গুৱাহাটী আৰু ধুবুৰী-হাটশিঙিমাৰীৰ যাতায়ত ব্যৱস্থা সুগম কৰি তোলাত সহায় কৰিব ।
এই ৰো-পেক্স ব্যৱস্থাই অঞ্চলটোৰ ক্ষুদ্ৰ উদ্যোগৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে ।
এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোগীঘোপাত স্থাপন হ’ব লগা আভ্যন্তৰীণ জল পৰিবহণ টাৰ্মিনেলৰো আধাৰশিলা স্থাপন কৰিব ।
অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সৈতে উপস্থিত থাকিব কেন্দ্ৰীয় গড়কাপ্তানি মন্ত্ৰী নীতিন গাডকাৰী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।