নিৰ্বাচনী প্ৰচাৰত অংশ ল’বলৈ চতুৰ্থবাৰৰ বাবে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী ৷
১৮ মাৰ্চত কৰিমগঞ্জত নিৰ্বাচনী প্ৰচাৰ চলাব নৰেন্দ্ৰ মোদীয়ে ৷
এক বিশাল ৰেলীত অংশ লৈ বৰাকৰ ১৫ টা বিধানসভা সমষ্টিৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাব ষ্টাৰ কেম্পেইনাৰগৰাকীয়ে ৷
কৰিমগঞ্জৰ বটগ্ৰামত নিৰ্বাচনী প্ৰচাৰৰ বাবে ইতিমধ্যেই প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা সপ্তাহত ৭টা নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানত অংশ ল’ব ৷
২০ মাৰ্চত চাবুৱাত, ২১ মাৰ্চত বোকাখাত, ২৪ মাৰ্চত বিহপুৰীয়া, ২৮ মাৰ্চত চিলাপথাৰ, ১ এপ্ৰিলত বিজনী আৰু তামুলপুৰত ৩ এপ্ৰিলত নিৰ্বাচনী প্ৰচাৰ চলাব ৷
পূৰ্বেও মোদীয়ে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত তিনিবাৰ অসম ভ্ৰমণ কৰিছে ৷
বিজেপিৰ ১০০+ মিছনৰ লক্ষৰে তিনিওটা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যেই বিজেপিৰ বিভিন্ন শীৰ্ষ নেতৃত্বই অসমত নিৰ্বাচনী প্ৰচাৰ চলাইছে ৷
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, জে পি নড্ডা, ৰাজনাথ সিং, স্মৃতি ইৰাণী, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰচাৰ চলাইছে অসম বিধানসভা নিৰ্বাচনৰ বাবে ৷
photo: google