২২ ফেব্ৰুৱাৰীত ধেমাজিলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷
পেট্ৰ’লিয়াম মন্ত্ৰালয়ৰ তিনিটা প্ৰকল্পৰ শুভাৰম্ভ কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৷
লগতে অসমৰ ক্ষিপ্ৰ উন্নয়নৰ দিশত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
বৃহস্পতিবাৰে ধেমাজি জিলাৰ চিলাপথাৰ কলাজানৰ চিতলমাৰীত অনুষ্ঠিত হ’বলগীয়া সভাখনৰ যাৱতীয় প্ৰস্তুতিৰ বুজ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত মুখ্যমন্ত্ৰী সোণোৱালে কয়, অসমৰ জনসাধাৰণে নৰেন্দ্ৰ মোদীক যথেষ্ট ভাল পায় আৰু বিশ্বাস কৰে ৷
প্ৰধানমন্ত্ৰীগৰাকীয়ে সমগ্ৰ বিশ্বৰ সন্মুখত অসম তথা উত্তৰ-পূৰ্বাঞ্চলক এক সুকীয়া পৰিচয়েৰে দাঙি ধৰিছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷
সৰ্বানন্দ সোণোৱালৰ কয়, অসমৰ শিপিনীয়ে বোৱা গামোচা পৰিধান কৰাৰ উপৰি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰি অসমৰ স্বাভিমান বৃদ্ধি কৰিছে নৰেন্দ্ৰ মোদীয়ে ৷
photo: google