পৰ্যটকৰ আগমনে পুনৰ আশাৰ বতৰা কঢ়িয়াই আনিছে পবিতৰা অভয়াৰণ্যলৈ।
ক’ভিড মহামাৰীৰ বাবে কেইবামাহো পৰ্যটকৰ বাবে বন্ধ ৰাখিছিল এশিঙীয়া গড়ৰ বাবে বিখ্যাত পবিতৰা অভয়াৰণ্য ৷
বিগত বৰ্ষৰ শেষৰ ভাগত বনমন্ত্ৰী পৰিমল শুক্লবদ্যই পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে মুকলি কৰি দিয়াৰ পিছত হাঁহি বিৰিঙিছে পৰ্যটকৰ লগতে পৰ্যটনস্থলীত জড়িত মায়ঙৰ লোকসকলৰ মুখত।
মুকলি কৰাৰ দিনাৰ পৰা ১৫ ফেব্ৰুৱাৰী পৰ্যন্ত পৰ্যটকৰ সংখ্যা ১৪ হাজাৰ ১২গৰাকী আৰু সংগ্ৰহিত ৰাজহৰ পৰিমাণ ২৪,৬৮,৬৭৫টকা ৷
এই তথ্য প্ৰকাশ কৰিছে পবিতৰা অভয়াৰণ্যৰ বন বিষয়া মুকুল তামুলীয়ে ৷
ক’ৰোণা মহামাৰীৰ বাবে বিদেশী পৰ্যটকৰ আগমন নহলেও ভাৰতীয় পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হৈছে বিগত দিনসমূহত ৷
অসম তথা উত্তৰ–পূৰ্বাঞ্চলৰ পৰ্যটকে বিপুল সঁহাৰি জনাইছে পৰ্যটনস্থলীলৈ ৷
উল্লেখ্য, অভয়াৰণ্য বন্ধ হোৱাৰ পিছতে পানীত হাঁহ নচৰা অৱস্থা হৈছিল পৰ্যটন উদ্যোগৰ লগত জড়িত অঞ্চলটোৰ শ শ পৰিয়ালৰ ৷
photo: google