‘আছাম পলিটেকনিক এডমিশ্যন টেষ্ট’ ২০২২ৰ ফলাফল ২ আগষ্টত ঘোষণা কৰা হ’ব বুলি টুইটাৰযোগে ঘোষণা কৰিছে শিক্ষা মন্ত্ৰী ড০ ৰণোজ পেগুৱে।
উল্লেখ্য যে, যোৱা ২৪ জুলাইত অনুষ্ঠিত হোৱা এই ‘আছাম পলিটেকনিক এডমিশ্যন টেষ্ট’ৰ ফলাফল ডিৰেক্টৰেট অৱ টেকনিকেল এডোকেশ্যন (DTE), আছাম পেজত উপলব্ধ হ’ব।
#ImportantAnnouncement 👇🏽
The results of Polytechnic Admission Test (PAT) 2022 will be declared on August 2.It will be available online at https://t.co/IzTlnF93zC from 2nd August, 2022, after 4 pm. @himantabiswa @CMOfficeAssam @mygovassam pic.twitter.com/GgREUwSe4e
— Ranoj Pegu (Modi Ka Parivar) (@ranojpeguassam) July 30, 2022
dte.assam.gov.in. এই লিংকত গৈ পৰীক্ষাৰ্থী সকলে নিজৰ ফলাফল সমূহ চাব পাৰিব। আবেলি ৪ বজাত লিংকটোত ফলাফল উপলব্ধ হ’ব। আনহাতে পৰীক্ষা সংক্ৰান্তিয় আন কিছু তথ্যও লিংকটোত গৈ পৰীক্ষাৰ্থীসকলে চাব পাৰিব।
অফিচিয়েল ৱেবচাইট dte.assam.gov.in ত গৈ ‘Polytechnic Admission Test- 2022 লিংকত ক্লিক কৰি নিজৰ ৰোল নম্বৰ দাখিল কৰাৰ লগে লগে কম্পিউটাৰ বা মোবাইলৰ স্ক্ৰীণত দেখা পাব পৰীক্ষাৰ ফলাফল।