নিউজ ডেস্কঃ বিটিআৰৰ নতুন পৰিষদৰ শপত গ্ৰহণৰ কাৰ্যসূচী আৰম্ভ হৈ যায়।আজি বিটিআৰত শপত পাঠ কৰোৱাব মুখ্য সচিব জিষ্ণু বৰুৱাই ৷ মুখ্য কাৰ্যবাহী হিচাপে প্ৰমোদ বড়োই শপত লোৱাৰ বিপৰীতে উপ-মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰিব গোবিন্দ বসুমতাৰীয়ে। শপত গ্ৰহণ অনুষ্ঠানত ৰাইজৰ লগত শাৰীত শাৰী মিলাই বহিল প্ৰমোদ বড়োৰ পত্নী পাৰুল ভৰালী। শপত গ্ৰহণ কাৰ্যসূচীত উপস্থিত থকা বড়োৰ পত্নী পাৰুল ভৰালীক অতিকৈ সুখী হোৱা দেখিবলৈ পোৱা গৈছে ৷ বিটিআৰৰ নৱ মুখ্য কাৰ্যবাহীৰ পত্নী পাৰুল ভৰালীয়ে উৎফল্লিত হৈ কয় যে আজি তেওঁৰ দিল গাৰ্ডেন গাৰ্ডেন হৈ গৈছে। লগতে বিটিআৰৰ নৱতম মুখ্য কাৰ্যবাহী স্বামী প্ৰমোদ বড়োৰ কষ্ট শলাগ লোৱাৰ লগতে নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰমোদ বড়োই বিটিআৰৰ হকে কাম কৰা যি ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল , সেই প্ৰতিশ্ৰুতি পুৰণ কৰিব বুলিও মন্তব্য প্ৰকাশ কৰে ৷ আনহাতে শপত গ্ৰহণৰ অনুষ্ঠানতে আৱেগিক হৈপৰে প্ৰমোদ বড়োৰ জ্যেষ্ঠ ভগ্নী। প্ৰমোদ বড়োৰ কন্টকময় জীৱন সংগ্ৰামৰ কথা উল্লেখ কৰি ভগ্নী গৰাকীয়ে আপ্লুত হৈ পৰে ৷
উল্লেখ্য যে ১৭ বছৰীয়া হাগ্ৰমাৰ শাসনৰ অন্ত পেলাই আজি বিটিআৰত প্ৰমোদ বড়োই পোন প্ৰথমবাৰৰ বাবে মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণ কৰে ৷