নিউজ ডেস্কঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ৭ নৱেম্বৰ ২০২০ তাৰিখে দিনৰ ১ বজাত ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য সকলে ঢেকীয়াজুলি নগৰৰ মাজমজিয়াত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি লৈ বিভিন্ন শ্লোগান দি বিক্ষোভ প্ৰদৰ্শন কৰে ৷ ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি শংকৰ দাসৰ নেতৃত্বত ৰূপায়িত এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণকাৰী সকলে বিভিন্ন শ্ল’গান দিয়ে আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰিবলৈ দাবী জনায় ৷ শাক-পাচলি আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ বজাৰত লাগিছে জুই সোণোৱাল চৰকাৰে আছে শুই, বিজেপিৰ চৰকাৰ ব্যৰ্থ চৰকাৰ, মূল্যবৃদ্ধি ৰোধ কৰক আদি শ্ল’গান দিয়া প্ৰতিবাদীকাৰীসকল ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ উক্ত কাৰ্যসূচীত বিভিন্ন অঞ্চলৰ পৰা অহা আছুৰ অৰ্ধ শতাধিক সদস্য উপস্থিত থাকে ৷