নিউজ ডেস্কঃ মৰিগাঁও জিলাৰ মায়ং শিক্ষা খণ্ডৰ অন্তৰ্গত পাভকাটি গাঁও পঞ্চায়তৰ এলেকাধীন মৰিসুঁতি টুপ নতুন প্ৰাথমিক বিদ্যালয় এতিয়া সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷
বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্বাকিৰ আহমেদৰ প্ৰচেষ্টাত এক নতুন মাত্ৰা লাভ কৰিছে বিদ্যালয়খনে ৷
এক সুন্দৰ আৰু সুষ্ঠ শৈক্ষিক বাতাবৰণ গঢ়ি তুলিছে বিদ্যালয়খনত ৷
বিদ্যালয়খনত আছে চিচি টিভি কেমেৰা, ডিজিটেল কলিং বেল, প্ৰতিটো শ্ৰেণী কোঠাত আছে প্ৰজেক্টৰ, এল ই ডি টি.ভি, বিভিন্ন খেলাৰ সামগ্ৰী আৰু বহুতো সা-সুবিধা ৷
শ্বাকিৰ আহমেদে নিজৰ গাঁঠিৰ ধন খৰচ কৰি বিদ্যালয়খনক দিছে এই নতুন ৰূপ ৷
বানে গৰকা মায়ঙৰ মৰিসুঁতি টুপ নতুন প্ৰাথমিক বিদ্যালয়খন বছৰৰ প্ৰায় তিনি মাহেই বানপানীৰ কৱলত থাকে ৷
কিন্তু বছৰৰ বাকী সময়ছোৱাত বিদ্যালয়খনৰ চৌহদৰ নান্দনিক দৃশ্যই আপ্লুত কৰিছে সকলোকে ৷
শ্বাকিৰ আহমেদৰ এই প্ৰশংসনীয় পদক্ষেপ আদৰ্শ হওঁক সকলোৰে বাবে ৷