সোমবাৰে সংবাদ মেলত শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা কৰে যে ১৫ ডিচেম্বৰৰ পৰা সীমিতভাৱে হোষ্টেল খোলা হ’ব কেৱল চূড়ান্ত বৰ্ষৰ ছাত্ৰ -ছাত্ৰী সকলহে আহিব পাৰিব। ১৫ ডিচেম্বৰৰ পৰা অনলাইন ক্লাছসমুহো বন্ধ কৰিবলৈ শিক্ষকক আহ্বান জনোৱা হ’ব যথা সময়ত ৷ ইয়াৰ উপৰিও ১ জানুৱাৰীৰ পৰা ৰাজ্যত খুলিব প্ৰাথমিক বিদ্যালয়। নাৰ্ছাৰীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ হ’ব পাঠদান। লগতে শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা এই দৰেও সদৰী কৰে যে শীঘ্ৰেই শিক্ষা বিভাগে SOP জাৰি কৰিব ।
উল্ল্যেখ যে ক’ভিড-১৯ ৰ বাবে বন্ধ হৈ থকা স্কুল, কলেজ সমুহ খোলাৰ বন্ধ থকাত ছাত্ৰ-ছাত্ৰীৰ শিক্ষাত ব্যাঘাত জন্মাত অনলাইন ক্লাছৰ ব্যৱস্থা কৰিছিল সমগ্ৰ দেশতে ৷