২৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰিয়ংকা গান্ধী ।
তেজপুৰত এক বিশাল জনসভাত অংশ ল’ব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ।
ৰাহুল গান্ধীৰ পিছত এইবাৰ অসমত নিৰ্বাচনী ৰণডংকা বজাব প্ৰিয়ংকা গান্ধীয়ে ।
ফেব্ৰুৱাৰী মাহত মুঠ ৩খন বিশাল জনসভা আয়োজন কৰিছে কংগ্ৰেছে ।
ইতিমধ্যে ৰাহুল গান্ধীৰ উপস্থিতিত শিৱসাগৰত অনুষ্ঠিত হৈছে প্ৰথমখন জনসভা ।
দ্বিতীয়খন সভা সম্বোধন কৰি তেজপুৰত বিশাল ৰেলীত অংশ ল’ব প্ৰিয়ংকা গান্ধীয়ে ।
২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰচাৰ অভিযান ‘অসম বচাওঁ আহক’ গ্ৰহণ কৰিছে ।
এই যাত্ৰাৰ জৰিয়তে দলটোৱে নাগৰিক আৰু বে-চৰকাৰী সংস্থা আদিৰ সৈতে মত বিনিময় কৰি পৰামৰ্শ গ্ৰহণ কৰিছে
আৰু নিৰ্বাচনী ইস্তাহাৰৰ কাৰণেও ‘অসম বচাওঁ আহক’ অভিযানৰ জৰিয়তে পৰামৰ্শ বিচাৰিছে ।