দুদিনীয়া কাৰ্যসূচীৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমত উপস্থিত প্ৰিয়ংকা গান্ধী ৷
উজনি অসমত কংগ্ৰেছৰ পূৰ্বৰ ধাৰা অটুট ৰাখিবলৈ পূৰ্ণপ্ৰস্তুতি আৰম্ভ কৰিছে কংগ্ৰেছে ৷
২৭ মাৰ্চৰ পৰা আৰম্ভ হ’ব অসম বিধানসভা নিৰ্বাচন ৷
অসমত ২৭ মাৰ্চ, ১ এপ্ৰিল আৰু ৬ এপ্ৰিলত হ’ব নিৰ্বাচন ৷
নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতেই এতিয়া তুংগত উঠিছে প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ অভিযান ৷
সোমবাৰে পুৱাই অসমত উপস্থিত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ৷
দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে প্ৰিয়ংকা গান্ধী ৷
পুৱাই নীলাচলত উপস্থিত হৈ মা কামাখ্যাৰ আশীষ গ্ৰহণ কৰে প্ৰিয়ংকা গান্ধীয়ে ৷
প্ৰথমদিনা দিনজোৰা কাৰ্যসূচীৰে লখিমপুৰ আৰু বিশ্বনাথত চলাব নিৰ্বাচনী প্ৰচাৰ ৷
মঙলবাৰে তেজপুৰত বিশাল জনসভাত অংশ ল’ব কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷
উজনি অসমৰ ১০খন জিলাৰ কংগ্ৰেছ নেতাৰে বৈঠকত মিলিত হ’ব প্ৰিয়ংকা গান্ধী ৷
বিজেপিৰ ১০০+ ৰ লক্ষ্যক ধৰাশায়ী কৰিবলৈ নিৰ্বাচনী ৰণনীতি তথা প্ৰচাৰ তুংগত তুলিছে কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰজোঁটে ৷