গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰৱৰ্তী আৰু অনলাইন শিক্ষাকেন্দ্ৰৰ সভাকক্ষত শুক্ৰবাৰে গণিত বিভাগৰ উদ্যোগত সপ্তম বাৰ্ষিক অধ্যাপক ভূপতি চন্দ্ৰ ডেকা স্মাৰক বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈ যায়। গণিত বিভাগৰ প্ৰাক্তন অধ্যাপক ভূপতি চন্দ্ৰ ডেকাৰ স্মৃতিত পৰিয়ালবৰ্গই প্ৰতি বছৰে গণিত বিভাগৰ স্নাতকোত্তৰ শাখাৰ প্ৰথম স্থান প্ৰাপ্ত গৰাকীক এই বঁটা প্ৰদান কৰে। এই বঁটাত আছে নগদ দহ হাজাৰ টকাৰ লগতে মানপত্ৰ। ২০২৩ বৰ্ষৰ এই বঁটা শাস্বতী দলৈক প্ৰদান কৰা হয়।
অধ্যাপক হেমন্ত কুমাৰ শৰ্মা সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ বিজ্ঞান গুৰু অধ্যাপক যোগেন চন্দ্ৰ কলিতা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত শ্ৰেণী সমূহৰ ভাৰপ্ৰাপ্ত সচিব অধ্যাপক জগদীশ শৰ্মা আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ অধ্যাপক শ্ৰীময়ী বৰা সমল ব্যক্তি হিচাপে উপস্থিত থাকে। তেওঁ “Eigen value of matrices and Matrix polynomials and associated distance problems” বিষয়ত ভাষন প্ৰদান কৰে। প্ৰয়াত অধ্যাপক ভূপতি চন্দ্ৰ ডেকাৰ পৰিয়ালৰ হৈ সহধৰ্মিনী নমিতা ডেকাই এই বঁটা প্ৰদান কৰে। ছাত্ৰ ছাত্ৰীসকলক বৌদ্ধিক দিশত উৎসাহ দিয়াৰ উদ্দেশ্যে এই অনুষ্ঠান প্ৰতিবছৰে অনুষ্ঠিত কৰা হৈছে। আজিৰ অনুষ্ঠানত বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক তাৰিণী কুমাৰ দত্তৰ লগতে বিভাগৰ বৰ্তমানৰ অধ্যাপক অধ্যাপিকাৰ সমন্বিতে গৱেষক ছাত্ৰ ছাত্ৰী আৰু স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীও উপস্থিত থাকে।