নিউজ ডেস্কঃ মোডী চৰকাৰৰ কৃষক বিৰোধী আইন আৰু বিদ্যুৎ বিল বাতিলৰ দাবীত আজি গুৱাহাটী ক্লাৱত ৰাতিপুৱা ১১ বজাত গুৱাহাটী ৰাজ্যিক কৃষক সভা, চি আই টি ইউ, ভাৰতৰ ছাত্ৰ ফেডাৰেচন, গণতান্ত্ৰিক যুৱ ফেডাৰেচন, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি আৰু জইন্ট কাউন্সিল অৱ ট্ৰেড ইউনিয়নৰ উদ্যোগত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী হৈ যায় |
উল্লেখযোগ্য যে কৃষি আইনে কঁপাইছে সমগ্ৰ দেশ | কৃষি আইনৰ বাতিলৰ দাবীত কৃষক সংগঠনসমুহে আজি ভাৰত বন্ধ আহ্বান জনাইছিল ৷ সেইমৰ্মে অসমতো অসমৰ কৃষক সংগঠনসমূহে প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে | কৃষক সংগঠনসমূহে কয় যে যেতিয়ালৈকে মোডী চৰকাৰে কৃষকৰ দাবী মানি নলয় তেতিয়ালৈকে অনাগত দিনতো কৃষকৰ এই ভাতে মৰা আইন তিনিখনৰ বিৰুদ্ধে প্ৰতিবাদ চলাই যাব বুলি কয় | লগতে বিদ্যুৎ বিল বাতিলৰ দাবীও সাৱস্ত কৰে প্ৰতিবাদী সমদল কেইটাই৷