৩৩ মাহ বিনা বেতনে কাম কৰি আহিছে বি টি আৰৰ টেট শিক্ষকসকল।
বেতন নোহোৱাকৈ শিক্ষাদান কৰি অহা শিক্ষকসকল এতিয়া চিন্তিত হৈ পৰিছে।
যাৰ বাবে গোৰেশ্বৰত বিটিআৰৰ ৩৯০ গৰাকী শিক্ষকৰ বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী। ই
ফালে প্ৰতিবাদস্থলীত প্ৰতিবাদী শিক্ষকসকলৰ অনুৰোধ যে, বিটিআৰৰ চি ই এম প্ৰমোদ বড়ো আৰু শিক্ষা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আমাৰ এই অনুৰোধ শীঘ্ৰে পালন কৰক।
২০১৫ চনৰ বড়োলেণ্ড একৰ্ড ডে’ৰ ১০ ফেব্ৰুৱাৰীত হাগ্ৰামা মহিলাৰীয়ে নিযুক্তি দিয়া টেট শিক্ষকসকল আজিলৈ বঞ্চিত হৈ আহিছে তেওঁলোকৰ প্ৰাপ্যৰ পৰা।
বিভাগীয় কৰ্তৃপক্ষক স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছতো কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই শিক্ষকসকলৰ।
বৰ্তমান শিক্ষকসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে।
Photo: Headline8