ভাৰতীয় মিঠাইৰ বিশেষ উপস্থাপনেৰে ৰেডিচন ব্লু গুৱাহাটীত বৃহস্পতিবাৰে মুকলি কৰা হয় ‘মিঠা বাই ৰেডিচন হোটেলছ’ নামৰ এক বিশেষ মিষ্টান্ন বিপনীৰ। এই উপলক্ষ্যে ৰেডিচন ব্লুত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত অসমৰ ব্যৱসায়িক আৰু চৰকাৰী খণ্ডৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি মহানগৰীৰ খাদ্য খণ্ডত ইয়াৰ আৰম্ভণি ঘটায়।
উল্লেখ্য যে, ৰেডিচন ব্লু গুৱাহাটীৰ মনোমহা আৰু অত্যাধুনিক পৰিৱেশৰ ভিতৰত অৱস্থিত এই ‘মিঠা বাই ৰেডিচন হোটেলছ’ত বিখ্যাত চেফৰ বিশেষজ্ঞতাৰে পৰিপূৰ্ণ মেন্যু আগবঢ়োৱা হৈছে। এই মেন্যুত আঞ্চলিক জনপ্ৰিয় মিঠাইৰ লগতে ভাৰতীয় অনন্য মিঠাইৰ সোৱাদো অন্তৰ্ভূক্ত কৰা হৈছে। মেন্যুৰ বিশেষ মিষ্টান্ন ভাণ্ডাৰৰ ভিতৰত আছে কাজু কমল ভোগ, ডাইমণ্ড কেক, পাকিজা, কাজু হাৰা পান, মলাই ৰোল, কাজু কালিংগাৰ, আৰু গুলকাণ্ড বলৰ দৰে সুস্বাদু মিঠাই। মিঠাইপ্ৰেমীসকলক এক ব্যতিক্ৰমী আৰু প্ৰামাণিক অভিজ্ঞতা প্ৰদানৰ বাবে প্ৰতিবিধ মিঠাইত উন্নতমানৰ উপাদান ব্যৱহাৰ কৰি অতি সযতনে প্ৰস্তুত কৰা হৈছে। প্ৰণিধানযোগ্য যে, ‘মিঠা বাই ৰেডিচন হোটেলছ’ত ব্ৰেণ্ডৰ গুণগত মান আৰু উৎকৃষ্টতাৰ প্ৰতি সমৰ্পণক প্ৰতিফলিত কৰা হাতেৰে নিৰ্মিত মিঠাইৰ এক বিলাসী পৰিসৰ আগবঢ়োৱা হৈছে। প্ৰতিটো মিঠাইত সৰ্বোত্তম উপাদান ব্যৱহাৰ কৰাৰ লগতে বিখ্যাত চেফৰ অভিজ্ঞতাৰে মিঠাইসমূহ প্ৰস্তুত কৰা হৈছে। এই মিঠাইসমূহত মিশ্ৰণ ঘটিছে পৰাম্পৰাগত ভাৰতীয় মিঠাইৰ চহকী সোৱাদৰ লগতে আধুনিক সোৱাদৰ। স্বাস্থ্য সচেতন অতিথিসকলৰ বাবে মেন্যুত চেনিমুক্ত আৰু কম কেলৰিযুক্ত মিঠাইৰ নিৰ্বাচনো অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ বাবে তেওঁলোকে এনে মিঠাইৰ সোৱাদ নিঃসংকোচে উপভোগ কৰিব পাৰে।
মহাপ্ৰবন্ধক অংকুৰ মেহৰোত্ৰাই কয়, “চহকী সংস্কৃতি আৰু পৰম্পৰাৰ চহৰ গুৱাহাটী। এনে এখন চহৰত আমি অতিথিসকলৰ মাজত মিঠা বাই ৰেডিচন হোটেলছ আগবঢ়াবলৈ পাই অতি ৰোমাঞ্চিত অনুভৱ কৰিছোঁ। ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ সোৱাদৰ প্ৰদৰ্শন কৰা আমাৰ এই স্বকীয় মিষ্টান্ন ভাণ্ডাৰ অতিথিসকলে উপভোগ কৰিব পাৰিব বুলি আমি নিশ্চিত। আমাৰ লক্ষ্য হৈছে এনে এক স্থান সৃষ্টি কৰা, য’ত উপস্থিত থাকি স্থানীয় আৰু দৰ্শনাৰ্থী সকলোৱে প্ৰতিটো মুহূৰ্তত ভাৰতীয় মিঠাইৰ অনন্য সোৱাদ উদযাপন কৰিব পাৰে।” ডি এছ গ্ৰুপৰ আতিথ্য বিভাগৰ বিজনেছ হেড নাথেন এণ্ড্ৰিউজে নিজৰ মত প্ৰকাশ কৰি কয়, “ৰেডিচন হোটেলৰ এই মিষ্টান্ন পৰ্বৰ দৃষ্টিভংগী আছিল এনে এখন স্থান সৃষ্টি কৰা, যিয়ে মিঠাইপ্ৰেমীৰ হেঁপাহ পূৰণ কৰাই নহয়, অতিথিসকলক ভাৰতীয় মিষ্টান্ন প্ৰস্তুতৰ চহকী পৰম্পৰাৰ সৈতেও সংযুক্ত কৰে। মিঠাত আগবঢ়োৱা প্ৰতিটো মিঠাইয়ে একো একোটা কাহিনী কয়, যি কাহিনী ৰেডিচন হোটেলৰ গুণগত মানৰ প্ৰতি থকা আবেগ আৰু দায়বদ্ধতাৰে ৰচনা কৰা হৈছে।”
ৰেডিচন হোটেল গ্ৰুপ চাউথ এছিয়াৰ কৰ্পৰেট এক্সিকিউটিভ চেফ ৰাকেশ ছেঠীয়ে কয়, “মিঠা বাই ৰেডিচন হোটেলছ কেৱল এক মিঠাইৰ সংকলন নহয়, এয়া হৈছে ভাৰতীয় সংস্কৃতিৰ উদযাপন। অতিথিসকলে এই মিঠাইত দিয়া প্ৰতিটো কামোৰৰ জৰিয়তে তেওঁলোকে উমাল ভাৰতীয় আতিথ্য অনুভৱ কৰিব পাৰে।” সুস্বাদু ভোজনৰ পিছত খোৱা মিঠাই হওক কিম্বা উৎসৱমুখৰ উপহাৰৰ বাবে বিচৰা মিঠাই হওঁক, মিঠা বাই ৰেডিচন হোটেলছে প্ৰতিগৰাকী অতিথিৰ বাবে আগবঢ়াইছে এক বিশেষ অভিজ্ঞতা। ৰেডিচন ব্লু গুৱাহাটীত অতিথিসকলক ভাৰতীয় আতিথ্যৰ মধুৰ সান্নিধ্য উপভোগ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে।