নিৰ্বাচনী প্ৰচাৰ উপলক্ষে ডিব্ৰুগড়ত বিশাল জনসভা সম্বোধন কৰি ৰাহুল গান্ধীৰ উদাত্ত ভাষণ ৷
ভাষণ প্ৰসংগত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক মন্তব্য ৰাহুলৰ ৷
নাগপুৰত জন্ম হোৱা এক শক্তিয়ে সমগ্ৰ দেশক নিয়ন্ত্ৰণ কৰি আছে বুলি কটাক্ষ কৰিলে কংগ্ৰেছৰ নেতাগৰাকীয়ে ৷
লাহোৱালৰ নিৰ্বাচনী সভাত মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতেও মতবিনিময় কৰে ৰাহুল গান্ধীয়ে ৷
যুৱ সমাজক উদ্দেশ্যি কৰা ভাষণ প্ৰসংগত তেওঁ ‘কা’ আৰু নিৱনুৱা সমস্যা ওপৰত গুৰুত্ব আৰোপ কৰি নিজৰ ভাষা-সংস্কৃতিৰ প্ৰতি দায়বদ্ধ হ’বলৈ যুৱসমাজক আহ্বান জনায় ৷
ইয়াৰ উপৰিও অসমক লুণ্ঠনৰাজৰ পৰা ৰক্ষা কৰিবলৈ ৰাইজলৈ আহ্বান জনালে ৰাহুল গান্ধীয়ে ৷
উল্লেখ্য, নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছে বৃহস্পতিবাৰে মুকলি কৰে ৫ গেৰাণ্টিযুক্ত নিৰ্বাচনী ভিডিঅ’ ৷
এই ৫ গেৰাণ্টি লৈ আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ হ’ব কংগ্ৰেছ ৷
গেৰাণ্টিসমূহৰ ভিতৰত আছে- প্ৰতিমাহে গৃহিনীসকললৈ ২০০০ টকা, নাগৰিকত্ব (সংশোধনী) আইন বাতিল, ২০০ ইউনিটলৈ বিনামূলীয়া বিদ্যুৎ,
৫ লাখ চৰকাৰী চাকৰি আৰু শ্ৰমিকসকলৰ বাবে দৈনিক ৩৬৫ টকাৰ মজুৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে কংগ্ৰেছে ৷
photo: google