নিৰ্বাচনী প্ৰচাৰৰ বাবে শুকুৰবাবে অসমত উপস্থিত হ’ব ৰাহুল গান্ধী।
১৯ আৰু ২০ মাৰ্চত ৰাজ্যৰ কেইবাঠাইতো মাৰাথন প্ৰচাৰ চলাব ৰাহুল গান্ধীয়ে ।
১৯মাৰ্চত লাহোৱালত শিক্ষাৰ্থীৰে ৰাহুল গান্ধীয়ে মত বিনিময় কৰাৰ লগতে চাবুৱাত চাহ শ্ৰমিকৰে আলোচনাত মিলিত হ’ব।
১৯ মাৰ্চৰ বিয়লি ডুমডুমাত বিশাল জনসভা সম্বোধন কৰিব নিৰ্বাচনী প্ৰচাৰত অংশ ল’ব ।
২০মাৰ্চত মৰিয়নী আৰু গহপুৰতো নিৰ্বাচনী প্ৰচাৰ চলাব ৰাহুল গান্ধীয়ে।
উল্লেখ্য, চলিত বৰ্ষৰ ১৪ ফেব্ৰুৱাৰীত শিৱসাগৰত বিশাল জনসভা সম্বোধন কৰিছিল ৰাহুল গান্ধীয়ে ৷