কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ CIDৰ চমন। কে চি বেনুগোপাল, জিতেন্দ্ৰ সিং, ভূপেন বৰা, গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়ালৈও চমন জাৰি CIDৰ। CIDয়ে চমন জাৰি কৰিছে কেইবাজনো নেতালৈ। চমন জাৰি জাকিৰ হুছেইন শিকদাৰ, ৰমেন কুমাৰ শৰ্মালৈ।
ন্যায় যাত্ৰাৰ সময়ত একাধিক কংগ্ৰেছ নেতাৰ বিৰুদ্ধে ৰাজহুৱা সম্পত্তি ধ্বংসৰ গোচৰ ৰুজু হৈছিল। ২৩ফেব্ৰুৱাৰীত CID কাৰ্যালয়ত হাজিৰৰ নিৰ্দেশ। দিনৰ ১১.৩০ বজাত হাজিৰ হ’ব লাগিব আটাইকেইজন। ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ সময়ত যোৰহাট আৰু খানাপাৰাত হৈছিল অপ্ৰীতিকৰ পৰিস্থিতি।