নিউজ ডেস্কঃ বৃহস্পতিবাৰৰ পৰা মৰাণত অনুষ্ঠিত হৈছে ৰাইজৰ দলৰ প্ৰথমখন জাতীয় অভিৱৰ্তন।
তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা আঞ্চলিক দলটোৰ এই জাতীয় অভিৱৰ্তনৰ বৃহস্পতিবাৰে পুৱা ৯ বজাত পতাকা উত্তোলন কৰে বিশিষ্ট চলচ্ছিত্ৰ নিৰ্মাতা, পদ্মভূষণ জাহ্নু বৰুৱাই।
তাৰ পিছতে অনুষ্ঠিত হয় শ্বহীদ তৰ্পন কাৰ্যসূচী।
১০ বজাত প্ৰতিনিধি পঞ্জীয়ন, ১১ বজাত প্ৰতিনিধি শিবিৰ মুকলি, ১১.৩০ বজাত সতীৰ্থ সন্মিলন কাৰ্যসূচী ৰূপায়ণ হয়।
আনহাতে বিয়লি ৩ বজাত আজি অনুষ্ঠিত হব ৰাইজৰ দলৰ এখন প্ৰতিনিধি সভা।
উল্লেখ্য, ৰাইজৰ দলৰ প্ৰথম জাতীয় অভিৱৰ্তন উপলক্ষ্যে মৰাণত উপস্থিত আছে ধৈৰ্য কোঁৱৰ, ভাস্ক’ডি শইকীয়া, অৰূপ বৰবৰা, ড০ নাৰায়ণ শৰ্মা, কমল কুমাৰ মেধি, বিতু সোণোৱা, মানস কোঁৱৰকে ধৰি ৭০ সংগঠনৰ সদস্যসকলৰ লগতে বহু নেতা-কৰ্মী ৷