নিউজ ডেস্কঃ ৰাইজৰ দল’ৰ পৰা সঁচাকৈ সমৰ্থন উঠাই ল’লে নেকি ‘বীৰ লাচিত সেনা’ই ?
‘অসত্য বাতৰি’ বুলি দাবী কৰিছে বীৰলাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকনে।
‘খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষাৰ বাবে যাতে ৰাইজৰ দলে এক নিৰ্ণায়ক ভুমিকা ল’ব পাৰে সেইকাৰণে বীৰ লাচিত সেনা অসম এই দলটোৰ সৈতে জড়িত হৈছো। ভৱিষ্যতেও সাম্প্ৰদায়িক তথা ৰাষ্ট্ৰীয় শক্তিৰ বিৰুদ্ধে কিদৰে যুঁজিব পাৰি তাৰ প্ৰচেষ্টা হাতত ল’ম’, তেওঁ এইদৰে কয়৷
ইপিনে, নামনি অসমৰ জিলা সমিতি কেইখনমানেহে এই সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে কেন্দ্ৰীয় নেতৃত্বলৈ তেওঁলোকে সিদ্ধান্তসমূহ প্ৰেৰণ নকৰি পোনে পোনে সংবাদমাধ্যমৰ জৰিয়তে ৰাজহুৱা কৰিলে।
ইপিনে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সৈতে সংযুক্ত হোৱাৰ সময়তেই ‘বীৰ লাচিত সেনা’ অসমৰ প্ৰাথমিক চৰ্ত আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁলোকৰ চৰ্ত অনুসৰি আমছু এই প্ৰক্ৰিয়াৰ সৈতে জড়িত থাকিব নোৱাৰিব।
‘আমছুৰ যেতিয়া গঠিত হৈছিল তেওঁলোকৰ সমগ্ৰ বিষয়টো খিলঞ্জীয়া বিৰোধী আছিল। সেয়েহে আমি আমছুক আওতাৰ বাহিৰত ৰাখিছিলো। তেওঁলোকেও প্ৰতিশ্ৰুতি দিছিল যে আমছু এই আওতাৰ পৰা বাহিৰত থাকিব’, পানীফুকনে এইদৰে কয়।