নিউজ ডেস্কঃ মানকাচৰত হিমন্ত বিশ্ব শৰ্মাক মেৰুদণ্ডবিহীন ৰাজনীতিবিদ আখ্যা ৰাইজৰ দলৰ সহ-সম্পাদক আনিছুৰ ৰহমানৰ ।
কৃষক মুক্তিৰ নেতৃত্বত ৰাজ্যত নতুনকৈ জন্ম লোৱা আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলে তীব্ৰ সমালোচনা কৰে হিমন্ত বিশ্ব শৰ্মাক ।
ফকিৰগঞ্জৰ যোগদান কাৰ্যসূচীত বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক মন্তব্য প্ৰদান কৰে ৰাইজৰ দলে ।
ৰাইজৰ দলৰ সহ-সম্পাদক আনিছুৰ ৰহমানে হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয়, হিমন্ত বিশ্ব শৰ্মা এজন মেৰুদণ্ডহীন, কলা, বোবা আৰু অন্ধ ৰাজনীতিবিদ।
নাগপুৰৰ শ্ৰুতলিপি অনুসৰি চলে হিমন্ত বিশ্ব শৰ্মাই । হিমন্ত বিশ্ব শৰ্মাৰ কোনো অস্তিত্ব নাই ।
এবাৰ কংগ্ৰেছ, এবাৰ বিজেপি,আছু, আমছুত ঘূৰি ফুৰা অস্তিস্বহীন ব্যক্তি হিমন্ত বিশ্ব শৰ্মা ।
হিমন্ত বিশ্ব শৰ্মা অসমৰ ভুৱা ৰাজনীতিবিদ ।