উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে (আৰ পি এফ ) উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন যাত্ৰীবাহী ৰে’ল আৰু ৰে’লৱেকোনো মানৱ সৰবৰাহকাৰীয়ে যাতে কোনো নাবালক – নাবালিকা বা মহিলা – যুৱতীক বহিঃ ৰাজ্যলৈ যাত্ৰীবাহী ৰেলেৰে সৰবৰাহ কৰিব নোৱাৰে তাৰ বাবে নিয়মীয়া আৰু আকস্মিক অভিযান চলাই আহিছে। ইয়াৰ অংশ হিচাপে ষ্টেচনত যোৱা ৯ জানুৱাৰীৰ পৰা ১৬ জানুৱাৰীলৈকে চলোৱা এক সপ্তাহজোৰা তালাচী আৰু অভিযানৰ সময়ত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা ১৭ জন নাবালক – নাবালিকাক উদ্ধাৰ কৰে ৰেলৱে সুৰক্ষা বাহিনীৰ বিশেষ দলে।
অভিযানত এজন মানৱ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈও সক্ষম হয়। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দেই জানিবলৈ দিয়া মতে বিগত ডিচেম্বৰ মাহত আৰ পি এফৰ অভিযানত মুঠ ৪৩ গৰাকী নাবালক আৰু ৩ গৰাকী মহিলাক উদ্ধাৰ কৰা হৈছিল। আনহাতে অভিযানত উদ্ধাৰ হোৱা নাবালক – নাবালিকা সকলক পাছত সুৰক্ষিত জিম্মাৰ বাবে সংশ্লিষ্ট চাইল্ড লাইন , এনজিঅ’, অভিভাৱক আৰু চৰকাৰী ৰেল আৰক্ষীৰ হাতত গতাই দিয়া হয়।
উল্লেখ্য যে ৯ জানুৱাৰীৰ দিনা অসমৰ পৰা বহিঃ ৰাজ্যলৈ সৰবৰাহ কৰিবলৈ চেষ্টা চলোৱা অৱস্থাত বিহাৰৰ কিশানগঞ্জ ৰেলৱে ষ্টেছনত আৰ পি এফৰ এটা দলে ৬ জন নাবালকক উদ্ধাৰ কৰাৰ লগতে এজন মানৱ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। পাছত তেওঁক চৰকাৰী ৰেল আৰক্ষীৰ জৰিয়তে জেল হাজোতলৈ প্ৰেৰণ কৰা হয়।