নিউজ ডেস্কঃ ক’ৰোনাৰ ফলত এইবাৰ পূজাৰ বতৰ সেমেকা হোৱাৰ আশংকাৰ লগতে আন এক আশংকাইও এইবাৰৰ পূজাত বিঘিনি ঘটোৱাৰ আশংকাই দেখা দিছে৷
২১ অক্টোবৰৰ পৰা চাৰিদিন ধৰি অসম আৰু মেঘালয়ত প্ৰচূৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷
বতৰ বিজ্ঞান বিভাগৰ মতে, বে’ অব বেংগলৰ মধ্যভাগত এক নিম্নচাপৰ অঞ্চল আৰু ধুমুহাৰ সঞ্চালনৰ ফলত ইয়াৰ প্ৰভাৱ পৰিব উত্তৰ–পূবত।
২২ৰ পৰা ২৪ অক্টোবৰলৈ উত্তৰ–পূব ভাৰতত প্ৰচূৰ বৰষুণৰ আগজাননী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। ইয়াৰ উপৰি নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত ২৩ অক্টোবৰত আৰু অসম আৰু মেঘালয়ত ২৪ অক্টোবৰত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে।