নিউজ ডেস্কঃ ৰাজ্যৰ বৰ্তমানৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই অৱসৰ পাবলৈ মাত্ৰ তিনিটা দিন থকাৰ পিছতো বৰ্তমানলৈ নতুন মুখ্য সচিব কোন হ’ব তাকে লৈ দ্বিধাগ্ৰস্ত হৈছে দিছপুৰ৷ প্ৰাপ্ত তথ্যমতে বৰ্তমানৰ মুখ্য সচিবগৰাকীৰ কাৰ্যকাল ছমাহলৈ বৃদ্ধি কৰাৰ বাবে নতুন দিল্লীলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল যদিও কুমাৰ সঞ্জয় কৃষ্ণৰ ভাতৃৰ নাম এছআই কেলেংকাৰিৰ সৈতে সাঙোৰ খোৱাৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতি এতিয়া সলনি হোৱা দেখা গৈছে৷
আনহাতে ১৯৮৬ চনৰ কেডাৰৰ আইএএছ বিষয়া ৰবি কাপুৰ আৰু ১৯৮৮ চনৰ কেডাৰ জিষ্ণু বৰুৱাৰ নাম মুখ্য সচিবৰ বাবে উচ্চাৰিত হৈছে যদিও মূলতঃ ৰবি কাপুৰৰ নাম মূল বাচনিত উঠাৰ সম্ভাৱনাই অধিক হৈছে৷