অসমৰ বিশিষ্ট সাহিত্যিক ,গীতিকাৰ গীতা হাতী কাকতি আৰু নাই ৷ বহুতো সাহিত্য , সংগীতেৰে অসমীয়া সাহিত্য আৰু সংগীত জগতখন চহকী কৰা গীতা হাতীকাকতি আজি সন্ধিয়া ৬.৪৬ বজাত ইহ সংসাৰা পৰা চিৰদিনৰ বাবে বিদায় লয় ৷ দীৰ্ঘগেন ধৰি শাৰীৰিক অসুস্থতা ভুগি থকা বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৭ বছৰ ৷ তেওঁৰ সাহিত্যৰাজি হ’ল এখনি পানচৈ উচি যায় অহা না , তৰা আখৰে কবিতা লিখি ,জোন জ্বলে সপোনৰ আদি ৷ লগতে তেওঁৰ দ্বাৰা ৰচিত সংগীত অসমৰ বহুতো জনপ্ৰিয়ে কণ্ঠদান কৰিছে ৷ ২০০৪ চলত অসম চৰকাৰে সাহিত্যিক পেণ্সন আৰু২০১৬ চনত শিল্পী বটাঁ প্ৰদান কৰে ৷
তেওঁৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে গভীৰ শোক প্ৰকাশৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু কয় যে তেওঁৰ মৃত্যুত অসমৰ সাহিত্য তথা সংগীত জগত খনত এক আপুৰুগীয়া ক্ষতি ৷