যশস্বী সংগীতশিল্পী কুল বৰুৱাৰ দেহাৱসান ৷
গুৱাহাটীৰ শিলপুখুৰীস্থিত নিজা বাসভৱনত বুধবাৰে নিশা প্ৰায় ১২ বজাত মৃত্যু হয় শিল্পীগৰাকীৰ ৷
উচ্চ ৰক্তচাপজনিত কাৰণত ৮৩ বছৰ বয়সত মৃত্যুবৰণ কৰে শিল্পীগৰাকীয়ে ৷
তেখেতৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি ৷
১৯৬৮ চনৰ পৰা অল ইণ্ডিয়া ৰেডিঅ’ৰ নিয়মীয়া শিল্পী আছিল কুল বৰুৱা ৷
অসমীয়া কথাছবি বৃষ্টি, শ্ৰীমতী মহীমাময়ী, সাদৰী, বিশেষ এৰাতি, প্ৰভাতী পখীৰ গান, বনহংস আৰু সেন্দুৰ আদিত কণ্ঠদান কৰিছিল কণ্ঠশিল্পীগৰাকীয়ে ৷
তেখেতে শ্ৰীমতী মহিমাময়ী আৰু সাদৰী নামৰ কথাছবিখনত অতুল মেধিৰ সৈতে যৌথ ভাৱে সংগীত পৰিচালনা কৰিছিল ৷
‘তেনেকৈ নেচাবা আজলি ছোৱালী’, ‘মই যেন এটা বাটৰুৱা’, ‘জুমি জুমি চোৱা তুমি’ আদি গীতত কন্ঠ দিছিল কুল বৰুৱাই ৷
ৰাজ্যিক পৰিবহন বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী কুল বৰুৱা ৷
কুল বৰুৱাৰ মৃত্যুত শোকস্তব্ধ ৰাজ্যবাসী ৷