নিউজ ডেস্কঃ ২০২১ৰ নিৰ্বাচনক সন্মুখত ৰাখি প্ৰস্তুতি আৰম্ভ কৰিছে ৰাইজৰ দলে। বুধবাৰে ৰাইজৰ দলৰ ধেমাজি জিলা সমিতি গঠনৰ উদ্দেশ্যে ধেমাজি প্ৰমোদ ভৱনত দলৰ এখন প্ৰতিনিধি সভা অনুষ্ঠিত হয়। এই সভাত ধেমাজি আৰু জোনাই সমষ্টিৰ শতাধিক প্ৰতিনিধি উপস্থিত থাকে। কেশৱ কৃষ্ণ ছত্ৰধৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিৰ উদ্দেশ্য বাখ্যা কৰে ৰাইজৰ দলৰ ধেমাজি সমষ্টিৰ সম্পাদক বেণুদেৱ নাথে। এই সভাখনত উপস্থিত থাকে ৰাইজৰ দলৰ ৰাজ্যিক সমিতিৰ আহ্বায়ক হৰিকান্ত দাস, অৱসৰ প্ৰাপ্ত প্ৰশাসনিক বিষয়া নৱ ডেকা বৰুৱা, ৰবি গগৈ, পদ্মেশ্বৰ দিহিঙীয়া, জোনাই সমষ্টিৰ প্ৰাক্তন বিধায়ক ফণিৰাম টায়েং, বিলাৰাম পেগু, প্ৰসন্ন বৰা, অৰুণ লাহন, উমেশ দলেকে ধৰি বহু কেইগৰাকী প্ৰতিনিধি।
সভাত ৰাইজৰ দলৰ ৰাজ্যিক সমিতিৰ আহ্বায়ক হৰিকান্ত দাসে বক্তব্যত বিজেপি আৰু কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰি আগন্তুক নিৰ্বাচনত ৰাইজৰ দলৰ বিজয় নিশ্চিত বুলি দাবী কৰে। ৰাইজৰ দলে ইতিমধ্যে নিৰ্বাচনকেন্দ্ৰিক ৰণকৌশল প্ৰস্তুত কৰিছে বুলিও মন্তব্য কৰে হৰিকান্ত দাসে।