লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰক এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিমান বন্দৰ ৰূপে গঢ় দিয়াৰ উদ্যোগ লৈছে Airport authority of India ই ৷ সেই উদ্দেশ্যৰে সম্প্ৰতি আটকধুনীয়াকৈ সজাই তোলা হৈছে লীলাবাৰীক ৷ ইতিমধ্যে লীলাবাৰীত ২.৬ কিঃমিঃ ৰানৱে নিৰ্মাণ কৰি নিশাৰ ভাগত বিমান অৱতৰণৰো ব্যৱস্থা কৰা হৈছে বুলি লীলাবাৰী বিমান বন্দৰ প্ৰাধিকাৰীয়ে জনাইছে।
উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰৰ সমপৰ্য্যায়ৰ ৰান ৱে থকা লীলাবাৰীত নিতৌ অৱতৰণ কৰে দুখনকৈ যাত্ৰীবাহী বিমান৷ পুৱা এঘাৰ বজাত কলকতাৰ পৰা এয়াৰ ইণ্ডিয়াৰ এখন বিমান লীলাবাৰীত অৱতৰণ কৰাৰ বিপৰীতে আনখন ফ্লাই বিগৰ বিমানে সন্ধিয়া ৬-৩০ বজাত গুৱাহাটী অভিমুখে নিতৌ উৰণ সম্পন্ন কৰে ৷ পৰ্যাপ্ত যাত্ৰী নিতৌ লাভ কৰা এই বিমান দুখনৰ সফল উৰণৰ পাচত সম্প্ৰতি দিল্লী মুম্বাই ,ৰাজস্থানৰ লগতো লীলাবাৰীক বিমানেৰে সংযোগ কৰাৰ পৰিকল্পনা কৰা হৈছে ৷
অহা মাৰ্চৰ পৰা লীলাবাৰীত অৱতৰণ কৰিব দেশৰ আগশাৰীৰ বিমান সেৱা AIR ASIA ৰ বিমান ৷ প্ৰথম পৰ্যায়ত এয়াৰ এচিয়াৰ দুখন বিমানেৰে দিল্লী আৰু জয়পুৰৰ লগত সংযোগ স্থাপনৰ লক্ষ্য লোৱা হৈছে ৷ দ্বিতীয় পৰ্যায়ত লখিমপুৰৰ পৰা এয়াৰ এচিয়াৰ বিমান মুম্বাইলৈ চলোৱাৰ লক্ষ্য লোৱা হৈছে ৷ ইতিমধ্যে এই সন্দৰ্ভত ministry of civil aviation লৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে স্থানীয় সাংসদ প্ৰদান বৰুৱাৰ জৰিয়তে ৰাজ্য চৰকাৰে ৷
লীলাবাৰী বিমান বন্দৰ প্ৰাধিকাৰীয়ে অসমীয়া প্ৰতিদিনক জনোৱা মতে অহা মাৰ্চৰ পৰা লীলাবাৰীত আৰম্ভ হ’ব আৱাসিক পাইলট প্ৰশিক্ষণ কেন্দ্ৰ ৷ তদুপলক্ষে প্ৰস্তুতি সম্পন্ন হৈছে লীলাবাৰীত ৷ ইয়াৰোপৰি লীলাবাৰীত এখনো এভিয়েচন একাডেমি আৰম্ভ কৰাৰ যো জা চলিছে ৷ এভিয়েচন একাডেমীৰ বাবে প্ৰয়োজনীয় ২৫ একৰ ভূমিৰ ১৮ একৰ ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷