২ দিনৰ বাবে বন্ধ হোৱাৰ সম্ভাৱনা মহানগৰীৰ প্ৰতিখন ৰেষ্টুৰেণ্ট।
গুৱাহাটীৰ হোটেল পেলাচিঅ’ত যুৱকৰ এটা দলে চলাইছিল আক্ৰমণ।
এই আক্ৰমণৰ পিছতে অভিযুক্ত যুৱককেইজনৰ গ্ৰেপ্তাৰৰ দাবীত মহানগৰীৰ প্ৰতিখন ৰেষ্টুৰেণ্ট বন্ধ ৰখাৰ হুংকাৰ প্ৰদান কৰে সদৌ অসম হস্পিতালিটী ৱৰ্কাৰ্ছ এছ’চিয়েছনে।
উল্লেখ্য, বিগত সপ্তাহত হোটেল পেলাচিঅ’ত এটা যুৱকৰ দলে হোটেলখনত প্ৰৱেশ কৰি অৰ্ডাৰ দিয়া আহাৰ পলমকৈ দিয়াৰ বাবে যুৱকৰ দলটোৱে হোটেলখনৰ চীফক মাৰধৰ কৰিছিল।
এই ঘটনাটো সংঘটিত কৰা উদণ্ড যুৱকৰ দলটো NSUIৰ কৰ্মী বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।
হোটেলখনৰ এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে সদৌ অসম হস্পিতালিটী ৱৰ্কাৰ্ছ এছ’চিয়েছনে।
ঘটনাৰ ৫ দিন অতিক্ৰম কৰাৰ পিছতো অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাত অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত দুদিনৰ বাবে এতিয়া গুৱাহাটীৰ সকলো ৰেষ্টুৰেণ্ট বন্ধ ৰখাৰ হুংকাৰ দিছে সংগঠনটোৱে।
Photo Credit: Google