আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হৈ যায়। উক্ত বৈঠকতো বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
কেবিনেটত গ্ৰহণ কৰা বৈঠক সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাই এক সংবাদ মেল আনুষ্ঠিত কৰি জানিবলৈ দিয়ে। সিদ্ধান্তসমূহ হ’ল-
- আজিৰ পৰা অসমত ৰেভিনিউ টাউন নাথাকিব ৷ পূৰ্বতে মিউনিচিপাল বৰ্ড নথকা ঠাই ৰেভিনিউ টাউন হিচাপে জনা গৈছিল। টাউন আৰু পেৰিফেৰীয়েল এৰিয়া জিলা সদৰতহে থাকিব। ইয়াৰ ফলত মাটিৰ প্ৰিমিয়াম দিব নালাগিব।
- গাওঁ পঞ্চায়তৰ অধীনত ট্ৰেড লাইছেন্স নালাগে ৷ মোবাইল টাৱাৰ, দেশী-বিদেশী ৱাইন, শিক্ষানুষ্ঠান, প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ, ইটা ভাটা, নাৰ্ছিং হোমৰ বাবে লাগিব ট্ৰেড লাইসেন্স ৷
- শ্ৰমিকৰ সুৰক্ষাৰ বাবে স্বাস্থ্য আৰু পৰিৱেশৰ বাবে অনলাইনত ৰেজিষ্টাৰ থকা হ’ব লাগিব ৷ ৪০ বছৰৰ ওপৰৰ শ্ৰমিকৰ বছৰেকীয়া স্বাস্থ্য পৰীক্ষা কৰিব লাগিব ৷ পৰিচয় পত্ৰ দিবই লাগিব৷ এইসকলো ঠিক কৰিব লাগিব উদ্যোগ কৰ্তৃপক্ষই ৷ ১০০ৰ ওপৰত শ্ৰমিক থকা উদ্যোগত শ্ৰমিক আৰু মালিকৰ এখন কমিটী গঠন কৰিব লাগিব৷
- GMCৰ নিৰ্বাচনত EVM ব্যৱহাৰ কৰাৰ সিদ্ধান্ত কেবিনেটৰ। বাজেট বৰ্হিভূত ২০০ৰ পৰা ২০০০ টকালৈ কণ্ট্ৰীজেন্সী ফাণ্ডলৈ বৃদ্ধি ৷