সমগ্ৰ অসমবাসীলৈ কংগ্ৰেছৰ তৰফৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।
এইবাৰ ভোগালী বিহুত ক’ৰোনাৰ লগতে ভূতৰ ওপৰত দানহ পৰাৰ দৰে বহু সমস্যাই আগুৰি ধৰিছে।
প্ৰথমটো হ’ল মূল্যবৃদ্ধি আকাশলংঘী হৈছে।
আজি মূল্যবৃদ্ধিৰ বাবে বহু লোকে ভোগালী উদযাপন কৰিব পৰা নায়। এয়া যথেষ্ট দুখৰ কথা।
দ্বিতীয়তে বিজেপিৰ চৰকাৰ ইমানেই উদাসীন যে, বিহুৰ দিনা আমাৰ যিটো ১০৮ মৃত্যুঞ্জয় সেৱাৰ প্ৰায় ৩ হাজাৰ চালক-কৰ্মচাৰীক বিহুৰ আগত দৰমহা দিব নোৱাৰিলে।
এইটো অতি দুখৰ বিষয় তেওঁলোকে উৰুকা পাতিব পৰা নাই।
ক’ভিডৰ সময়ত তেওঁলোকে নিজৰ জীৱনক তুচ্ছা কৰি যি দায়িত্ব পালন কৰি গ’ল।
কিন্তু তেওঁলোকক বিহুৰ আগত দৰমহা নিদিলে।
চৰকাৰে ক’ব পাৰে যে এয়া আমাৰ দায়িত্ব নহয়, দৰমহাৰ দায়িত্ব কোম্পানীৰহে, কিন্তু তেওঁলোকে এই গা সৰা মন্তব্য প্ৰদান কৰিব পাৰে।
কিন্তু এয়া চৰকাৰৰ অধীনৰ হয়। সংবাদমেলত চৰকাৰক তীব্ৰ কটাক্ষ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ।
চৰকাৰৰ ভুলৰ বাবে এইবাৰৰ ভোগালী কেনেকুৱা হ’ল দেখিছেই আপোনালোকে।
তিনিচুকীয়াৰ লাইকা-দধিকাবাসীয়ে ভোগালী উদযাপন কৰিব পৰা নাই।
তেওঁলোকে মাটিৰ অধিকাৰ বিচাৰি তিনিচুকীয়াৰ উপায়ুক্ত কাৰ্যালয়ৰ সমীপত তেওঁলোকে বহি আছে ইমানদিন ধৰি।
তাত মৃত্যু হৈছে প্ৰসূতিৰ। কিন্তু এতিয়ালৈ চৰকাৰৰ কাণসাৰ নাই।
চৰকাৰৰ বাবে কিমান বিষাক্ত হৈছে এইবাৰৰ ভোগালী বিহু।
তিনিচুকীয়া লাইকা-দধিয়াবাসীয়ে দুৰ্দশাগ্ৰস্ত জীৱন অতিবাহিত কৰাক লৈ দুখ প্ৰকাশ কৰে ৰিপুণ বৰাই।
অখিল গগৈ আজি জেলত আছে, ৰাইজে কেনেকৈ ভোগালীৰ আনন্দ উপভোগ কৰিব।
‘মই কালিহে টিভিত দেখিলো কংগ্ৰেছৰ আৰু এজন স্পক পাৰ্ছন ওলাইছে।
আমাৰ স্পক পাৰ্ছন আছেই।
কিন্তু কালিহে দেখিলো হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ স্পক পাৰ্ছন হিচাপে কাম কৰিছে। মই দেখি আচৰিত হৈছো।
তেওঁ যদি সঁচাকৈয়ে এই কাম কৰিব বিচাৰিছে তেন্তে ভাল কথা।
কিন্তু আমি এতিয়ালৈ স্পক মেন নিযুক্তি দিয়া নাই। আমাৰ কংগ্ৰেছৰ কথা আমি কম।
গোপন মিত্ৰতা কৰিছো নে নাই কৰা সেইবিলাক তেওঁ আমাতকে বেছিহে জানে।
তেওঁ আমাৰ দলৰ নপতা ফুকন হয়, দলৰ মুখপাত্ৰ হোৱা কথাটো কোৱা দেখি মোৰ হাঁহিহে উঠিছে।’- এই বুলি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক মন্তব্য প্ৰদান কৰে বৰাই।
চোৰৰ মন সদায় পুলিচ পুলিচ; হিমন্ত বিশ্বই লোকৰ কথা খুচুৰি ফুৰে, তেওঁ এইবিলাকত পাকৈত। তেওঁ এইবিলাক কৰি ফুৰাতকে ৰাইজৰ কাম কৰি যাব লাগে। এই মন্তব্যৰে তীব্ৰ কটাক্ষ হিমন্ত বিশ্ব শৰ্মাক।
Photo: Facebook