অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত কৃষক বিৰোধী ক’লা আইন বাতিলৰ দাবীত আৰু পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছকে ধৰি নিত্য-ব্যৱহাৰ্য সা-সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত ‘কৃষক অধিকাৰ দিৱসেৰে’ ৰাজভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰে।
গুৱাহাটী ক্লাৱ ৰটাৰীৰ পৰা ৰাজভৱনলৈ প্ৰতিবাদী যাত্ৰা কৰা কথা আছিল।
কিন্তু আৰক্ষীয়ে গুৱাহাটী ক্লাৱতে প্ৰতিবাদকাৰীসকলক আটক কৰে।
যাৰ বাবে শেষত প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষীৰ হতাহতিও হয় প্ৰতিবাদথলীতে।
প্ৰতিবাদত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, নগাঁও সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰাক্তন মন্ত্ৰী অকণ বৰা আদিকে ধৰি বহু কংগ্ৰেছী নেতা আৰু কর্মীয়ে।
বিজেপি চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল মুর্দাবাদ, হিমন্ত বিশ্ব মুর্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী।
Photo: Headline8