দুদিনীয়া ভ্ৰমণসূচীৰে ২৬ ফেব্ৰুৱাৰীত অসমত উপস্থিত হয় আৰজেডি নেতা তেজস্বী যাদৱ ৷
বিভিন্ন অনুষ্ঠানত অংশ লোৱাৰ লগতে কেইবাখনো সংবাদমেল সম্বোধন কৰে নেতাগৰাকীয়ে ৷
শনিবাৰে হোটেল তাজ ভিভান্তাত এক সংবাদমেল সম্বোধন কৰি তেওঁ উল্লেখ কৰে যে আগন্তুক অসম বিধানসভা নিৰ্বাচনত মিত্ৰজোঁটৰ জৰিয়তে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰাষ্ট্ৰীয় জনতা দলে ৷
গুৱাহাটী অহাৰ পূৰ্বেই কংগ্ৰেছৰ সৈতে আলোচনা কৰাৰ কথাও উল্লেখ কৰে নেতাগৰাকীয়ে ৷
ইফালে মিত্ৰজোঁটৰ প্ৰস্তাৱ লৈ এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলকো সাক্ষাৎ কৰিছে তেজস্বী যাদৱে ৷
তেওঁ সংবাদ মাধ্যমৰ আগত কয়, ‘মিত্ৰজোঁটৰ বাবে আমি ইতিমধ্যেই কথা পাতিছোঁ ৷’
তেজস্বী যাদৱে জনায় যে, কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ উপৰিও অন্য নতুন দলৰ সৈতেও যোগাযোগ কৰিছে ৰাষ্ট্ৰীয় জনতা দলে ৷
“ইয়াত বিহাৰ, পশ্চিম বংগ, ঝাৰখণ্ড, ওড়িশা আৰু ছত্তিশগড়ৰ প্ৰায় ৫ শতাংশ হিন্দীভাষী লোক আছে ৷
সেই হিচাপত আমাৰ ১১ খন আসনৰ বাবে সেইসকল লোক যথেষ্ট, কিন্তু জয়ৰ সম্ভাৱনা বেছি থকা ঠাইতহে আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াম ” তেজস্বী যাদৱে উল্লেখ কৰে ৷
photo: google