কেন্দ্ৰীয় চৰকাৰে সীমান্ত সুৰক্ষিত বুলি ঘোষণা কৰি আহিলেও এতিয়াও বাংলাদেশৰ পৰা ত্ৰিপুৰা সীমান্তৰে প্ৰৱেশ কৰি অসমসহ দেশৰ আন ৰাজ্যলৈ যাত্ৰীবাহী ৰেলেৰে অব্যাহত আছে বাংলাদেশীৰ অবৈধ অনুপ্ৰৱেশ। আনকি উত্তৰ পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে ( আৰ পি এফ ) চলোৱা অভিযানত ত্ৰিপুৰা সীমান্ত পাৰ হৈ ৰেলেৰে গুৱাহাটীসহ দেশৰ বিভিন্ন প্ৰান্তলৈ অভিমুখে গৈ থকা অৱস্থাত সময়ে সময়ে বহু অবৈধ বাংলাদেশীক আটক কৰিবলৈ সক্ষম হৈছে।
উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জানিবলৈ দিয়া মতে চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ পৰিসেৱাই সামৰি লোৱা বিভিন্ন ৰেলৱে ষ্টেচন আৰু ৰেলত আৰ পি এফে চলোৱা অভিযানত মুঠ ২৫৬ অবৈধ প্ৰব্ৰজনকাৰীক আটক কৰা হয়। তেওঁলোকৰ বেছিভাগেই আছিল বাংলাদেশী ৰোহিংগীয়া। আনকি তেওঁলোকক সীমান্ত পাৰ কৰাই দিয়াৰ পৰা আৰম্ভ কৰি ৰেলেৰে বহিঃ ৰাজ্যলৈ সৰবৰাহ কৰা কাৰ্যত জড়িত ১৮ জন ভাৰতীয় এজেণ্টকো আটক কৰিবলৈ সক্ষম হৈছে আৰ পি এফৰ অভিযানকাৰী দল। পাছত আৰ পি এফৰ ফালৰ পৰা ধৰা পৰা সকলোকে পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে চৰকাৰী ৰেলৱে আৰক্ষীক গতাই দিয়া হয়।