নিউজ ডেস্কঃ বিধানসভা নিৰ্বাচন সমাগত ৷
নিৰ্বাচনৰ প্ৰাকক্ষণত ক্ৰমাৎ স্থিতি হেৰুৱাইছে কংগ্ৰেছে।
এটাৰ পিছত এটাকৈ শক্তিশালী দূৰ্গ খহিছে কংগ্ৰেছৰ ৷
এইবাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সকলো দায়িত্ব ত্যাগ কৰিলে ৰূপেশ গোৱালাই।
অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ তথা সাধাৰণ সম্পাদকৰ দায়িত্বত থকা ৰূপেশ গোৱালাই বুধবাৰে দলৰ দায়িত্বৰ পৰা আনু্ষ্ঠানিকভাৱে অব্যাহতি লয়।
উল্লেখ্য, ৰূপেশ গোৱালাই দলীয় দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ কাৰণ ব্যক্তিগত বুলি জানিব দিয়ে ৷
কিন্তু কিছু দিনৰ পৰা চলি থকা তেওঁৰ বিজেপি যোগদানৰ চৰ্চাই গোৱালাই দায়িত্ব এৰাৰ কাৰণত সন্দেহৰ সৃষ্টি কৰিছে।
অৱশ্যে ৰূপেশ গোৱালাই দায়িত্ব এৰিলেও কংগ্ৰেছৰ হৈ কাম কৰি যাব বুলিও মন্তব্য কৰিছে।