২০২০-২১ বৰ্ষৰ সাহিত্য একাডেমীৰ বঁটা বিজেতাসকলৰ নাম ঘোষণা কৰা হৈছে৷ অসমীয়া সাহিত্যৰ সৌষ্ঠৱ বৃদ্ধি কৰি ‘বেংছটা’ শীৰ্ষক চুটি গল্পৰ গ্ৰন্থখনৰ বাবে বঁটা লাভ কৰিছে অপূৰ্ব কুমাৰ শইকীয়াই৷ আনহাতে বড়ো ভাষাৰ ‘গোৱেথেনে’ লামায়াও গোৱাডন আগান’ শীৰ্ষক চুটি গল্পৰ গ্ৰন্থখনৰ বাবে বঁটা লাভ কৰিছে স্বৰ্গীয় ধৰণীধৰ ওৱাৰিয়ে৷
শিশু সাহিত্য পুৰস্কাৰ ২০২০ৰ শিতানত অসমীয়া ভাষাত ‘ফচং’ শীৰ্ষক গ্ৰন্থখনৰ বাবে বঁটা লাভ কৰিছে মাধুৰীয়া ঘৰফলীয়াই৷ অজিত বড়োৱে উক্ত শিতানত ‘গথোচা বিচম্বি’ শীৰ্ষক গ্ৰন্থখনৰ বাবে বঁটা লাভ কৰিছে৷
সাহিত্য একাডেমী যুৱ পুৰস্কাৰ শিতানত অসমীয়া ভাষাৰ ‘মেঘ-ঘোঁৰা’ শীৰ্ষক কবিতা পুথি খনৰ বাবে বঁটা লাভ কৰিছে দ্বিজেন দাসে৷ আনহাতে বড়ো ভাষাৰ ‘আবৱি-আবৌ-আৰঅ’ আং’ শীৰ্ষক কবিতা পুথিখনৰ বাবে বঁটা লাভ কৰিছে নিউটন কে বসুমতাৰীয়ে৷