পাঁচ ছেপ্টেম্বৰ, মংগলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত দীন -জ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত গ্ৰন্থ উন্মোচন আৰু শিক্ষক দিৱস উদযাপন কৰা হয়। লেখিকা চুমী ৰহমানৰ ষষ্ঠতম গ্ৰন্থ তথা প্ৰথমখন উপন্যাস উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে ইউ এছ টি এমৰ প্ৰাক্তন অধ্যক্ষ ড° বলেন্দ্ৰ কুমাৰ দাস, বিশিষ্ট সাহিত্যিক মণিকুন্তলা ভট্টাচাৰ্য, গুৱাহাটী ইউনিভাৰ্ছিটি আদৰ্শ বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ লীলাধৰ হাজৰিকা, তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তীৰ্থৰঞ্জন মহন্তই। উক্ত অনুষ্ঠান লগত সংগতি ৰাখি শিক্ষক দিৱসো উদযাপন কৰা হয় । উল্লেখযোগ্য যে উক্ত অনুষ্ঠানতেই নিজৰ শিক্ষকতা বৃত্তিটোক সৰোগৰ কৰি অসমী ধৈৰ্য আৰু নিস্বাৰ্থ ভাবে ছাত্ৰ-ছাত্ৰী তথা ৰাইজলৈ সেৱা আগবঢ়োৱাই যোৱাৰ ড° সত্যজিত দাস আৰু দীৰ্ঘ দিন বিনা বেতনেৰে শিক্ষকতা কৰি বহু ছাত্ৰ-ছাত্ৰীক সুশিক্ষাৰে শিক্ষিত কৰি তোলা মায়া প্ৰধানক দীন-জ্যোতি শিক্ষা সাধন বঁটাৰে সন্মানিত কৰে মংগল বন্তি প্ৰজ্বলনে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে ।
উক্ত অনুষ্ঠানত কবি লেখিকা ঊষামণি শইকীয়া, বিশিষ্ট উদ্যমী তথা সমাজ সেৱক জমীৰ ৰহমান, শিক্ষয়িত্ৰী মধুস্মিতা বৰা, উদ্যোগী নাৰী সুগিতা গোস্বামী, উদ্যোগী নাৰী তথা নিউমাৰলজিস্ত কাবেৰী দাস টেৰণ, সাংবাদিক দৰ্শণা বৰুৱা, পল্লবী হাজৰিকা, লেখিকা কবি টুটুমণি নাথ, ক্ষুদ্ৰ ব্যৱসায়ী কৰিস্মা বেগম, ডিজাইনাৰ জয়শ্ৰী মৰল, লেখিকা ৰীণা বেগম, সাংবাদিক পাৰিজাত সন্দিকৈকে আদি কৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। উক্ত অনুষ্ঠানটিৰ আঁত ধৰে সাংবাদিক ডিম্পী ভাৰালী আৰু সোণপৰুৱা শিশু আৰু সমাজ কল্যাণ পৰিষদৰ প্ৰতিষ্ঠাপক সম্পাদক ঊষামণি শইকীয়াই ।