নিউজ ডেস্কঃ ৫৯বছৰীয়া হ’ল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ডিব্ৰুগড় জিলাৰ মুলুক গাঁৱত ১৯৬২ চনৰ আজিৰ দিনটোতে সৰ্বানন্দ সোণোৱালৰ জন্ম। প্ৰথমে ছাত্ৰ ৰাজনীতি আৰু তাৰ পাছতে সক্ৰিয় ৰাজনীতিৰ সৈতে জড়িত হৈ পৰা সোণোৱালক আজিৰ দিনটোত অসংখ্যা গুণমুগ্ধই শুভকামনা জনাইছে।
মহাবিদ্যালয়ত পঢ়ি থকা দিনৰ পৰাই সৰ্বানন্দ সোণোৱাল আছুৰ লগত জড়িত আছিল আৰু ১৯৯২চনৰ পৰা ১৯৯৯চনলৈ সন্থাটোৰ সভাপতিৰ দায়িত্ব বহন কৰে৷ লগতে ১৯৯৪চনৰ পৰা ২০০৪ চনলৈ উত্তৰ পূব ছাত্ৰ সন্থাৰ চেয়াৰমেনৰ পদত অধিষ্ঠিত থাকে৷
সৰ্বানন্দ সোণোৱালে ১৯৯৯ চনত অসম গণ পৰিষদত যোগদান কৰে আৰু আঞ্চলিকতাবাদক শক্তিশালী কৰিবলৈ চেষ্টা আগবঢ়ায়৷ তেখেতে লোকসভা নিৰ্বাচনত লখিমপুৰ সমষ্টিত কংগ্ৰেছৰ ৰাণী নৰহৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হয় যদিও পৰাজয়ৰ সন্মুখীন হয়৷ ইয়াৰ পিছত তেওঁ ২০০১ চনত বিধানসভা নিৰ্বাচনত মৰাণ সমষ্টিত কংগ্ৰেছৰ পৱনসিং ঘাটোৱাৰক পৰাজিত কৰে৷
Heartfelt greetings and best birthday wishes to Hon CM of Assam Sri @sarbanandsonwal.
I wish you always be blessed with good health and happiness and continue to serve with greater zeal. pic.twitter.com/CjBjSEkg1L
— Himanta Biswa Sarma (@himantabiswa) October 31, 2020