নিউজ ডেস্কঃ ২ নবেম্বৰৰ পৰা ৰাজ্যত খোলা হ’ব শিক্ষানুষ্ঠানসমূহ।ইতিমধ্যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে।সম্পূৰ্ণ কভিড প্ৰট’কল মানি খোলা হ’ব শিক্ষানুষ্ঠান সমূহ।কিন্তু মানিব লাগিব কেতবোৰ নতুন নিয়ম।
কি কি নতুন নিয়ম ?
১) এটা ক্লাছত ২০-২৫ জনৰ অধিক ছাত্ৰ-ছাত্ৰী থাকিব নোৱাৰিব।
২) ডাঙৰ হলত ক্লাছ কৰিলে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিব পাৰিব।
৩) পঞ্চম শ্ৰেণীলৈকে বন্ধ থাকিব পাঠদান।
৪) ষষ্ঠ শ্ৰেণীৰ পৰা ক্লাছ আৰম্ভ হ’ব।
৫) আণ্ডাৰ গ্ৰেজুৱেটৰ প্রথম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সোমবাৰ আৰু বৃহস্পতিবাৰে ক্লাছ হ’ব।
৬) তৃতীয় ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰী মঙলবাৰ, বুধবাৰ, শুকুৰবাৰে ক্লাছ হ’ব।
৭) পঞ্চম ষান্মাসিকৰ মঙলবাৰ, বুধবাৰ, শুকুৰবাৰ আৰু শনিবাৰে ক্লাছ হ’ব।
৮) অষ্টম মান, দশম মান আৰু দ্বাদশ শ্ৰেণীৰহে পৰীক্ষা বৰ্ডে অনুষ্ঠিত কৰিব।
৯) বাকীবোৰ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত নহ’ব।অৰ্থাৎ উত্তীৰ্ণ কৰি দিয়া হ’ব।
১০)পুৱা ৮.৩০ বজাৰ পৰা বিদ্যালয়সমূহ খোলা হ’ব।
১১)সদায় দুটা ভাগত ভগোৱা হ’ব বিদ্যালয়ৰ পাঠদান।
১২)প্ৰতিদিনাই ৫০ শতাংশক পুৱা ভাগত আৰু আন ৫০ শতাংশক বিয়লি ভাগত ক্লাছ কৰা হ’ব।
১৩)প্ৰথম ভাগত ৮.৩০ বজাৰ পৰা ১২.৩০ বজালৈ এটা ক্লাছ হ’ব।
১৪)দ্বিতীয় ভাগত ১.৩০ৰ পৰা ৪.৩০ বজালৈ ক্লাছ হ’ব।