নিউজ ডেস্কঃ সম্পূৰ্ণ চৰকাৰী নীতি নিয়ম মানি আজিৰে পৰা ষষ্ঠ শ্ৰেণীৰ পৰা খোলা হৈছে শ্ৰেণীকোঠা সমূহ। বিগত ৮ মাহ ধৰি ক’ৰোনা অতিমাৰীৰ বাবে বন্ধ হৈ থকা বিদ্যালয়সমূহত আজি দেখা গৈছে ছাত্ৰ ছাত্ৰীৰ আগমন। ঐতিহ্য মণ্ডিত পূৰ্বৰ বজালী মহাবিদ্যালয় আৰু বৰ্তমানৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি আজিৰে পৰা আৰম্ভ হৈছে পাঠদান। ৰাতিপুৱা আৰু আবেলি দুটা ভাগত ভাগ কৰি পাঠদান চলাই নিয়াৰ ব্যৱস্থা কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। মুখত মাস্ক পৰিধান কৰি ছাত্ৰ ছাত্ৰীসকলে আহিছে নিজ বিদ্যালয়লৈ। শিক্ষকসকলেও চৰকাৰী নিৰ্দেশনা পালন কৰি বিদ্যালয়লৈ আহি আৰম্ভ কৰিছে পাঠদান।