গুৱাহাটীঃ ক’ৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত অসমত বন্ধ হৈ থকা শিক্ষানুষ্ঠানসমূহ পুনৰ কেতিয়া খুলিব সেই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে অহা ১ ছেপ্টেম্বৰৰ পৰা অসমত বিদ্যালয়সমূহ পুনৰ খোলাৰ বাবে এছঅ’পি সাজু কৰিছে৷
কেন্দ্ৰীয় চৰকাৰৰ অনুমতি সাপেক্ষে ১ ছেপ্টেম্বৰৰ পৰা যদি শিক্ষানুষ্ঠানসমূহ খোলা হয় তেতিয়া অসমতো যাতে বিদ্যালয়সমূহ খুলিব পাৰে তাৰ বাবে শিক্ষা বিভাগ প্ৰস্তুত আছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে৷
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট