নিউজ ডেস্কঃ অসম হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ সূচী প্ৰকাশ কৰিলে অসম মাধ্যমিক শিক্ষা পৰিষদে ৷
১১ মে’ ৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷
ইংৰাজী পৰীক্ষাৰে আৰম্ভণি হ’ব মেট্ৰিক পৰীক্ষা ৷
লগতে ব্যৱহাৰিক পৰীক্ষাৰো সময়সূচী প্ৰকাশ কৰা হ’ল ৷
আগন্তুক ৭ জুলাইৰ ভিতৰত ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷
উল্লেখ্য যে প্ৰতি বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা ফেব্ৰুৱাৰী পৰা আৰম্ভ হৈ মাৰ্চ মাহৰ শেষত সমাপ্ত হয় ৷
মেট্ৰিক পৰীক্ষা পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আৰু বিয়লি ১.৩০ বজাৰ পৰা আবেলি ৪.৩০ বজালৈ অনুষ্ঠিত হ’ব ৷
ইফালে ১২ মে’ৰ পৰা অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক পৰীক্ষা ৷
ANNOUNCEMENT
HSLC & HS examinations,2021 will be conducted as follows
1. HIgh School leaving certificate examination from 11th May.
2. Higher Secondary examination from 12th May
Result of HSLC & HS examinations will be declared within 7th and 30th July respectively— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) January 2, 2021
বৰ্তমানলৈ প্ৰকাশ পোৱা নাই উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সূচী ৷