অসমত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত নিযুক্তিৰ বাবে ‘দ্য আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট কমিছনচ্ ফৰ এনালগাচ্ পোষ্টছ’ বিধেয়কত কালি বিধানসভাই অনুমোদন দিয়ে। এতিয়াৰে পৰা যিকোনো বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাছনি পৰীক্ষা তথা নিযুক্তি প্ৰক্ৰিয়া একেলগে অনুষ্ঠিত হ’ব।
বিধেয়কখন উত্থাপন কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘যদিও চৰকাৰে এক লাখ নিযুক্তিৰ কথা কৈছে কিন্তু প্ৰকৃততে ৫০ হেজাৰ পদৰ বাবে আয়োগে প্ৰথমে কাম কৰাৰ সুযোগ পাব। কাৰণ অহা মে’ৰ ভিতৰত আমাৰ ৫০ হেজাৰ নিযুক্তি সম্পূৰ্ণ হৈ যাব। যদিহে আয়োগখন সফল হয় তেন্তে ইয়াৰ কাৰ্যকাল দীঘলীয়া সময়ৰ বাবে বৃদ্ধি কৰা হ’ব। পৰীক্ষামূলকভাৱেহে চৰকাৰে প্ৰথমতে ৫০ হেজাৰ নিযুক্তিৰ প্ৰক্ৰিয়াটো শেষ কৰিব বিচাৰিছে। এই আয়োগ গঠনৰ পাছত সকলো বিভাগৰ বাছনি পৰীক্ষা একেলগে হ’ব । ইউপিএছচিৰ আৰ্হিত প্ৰাৰ্থীয়ে আবেদনপত্ৰত বিভাগবোৰ ক্ৰম অনুসৰি বাছনি কৰিব লাগিব। অৱশ্যে এই আয়োগৰ দ্বাৰা অকাৰিকৰী খণ্ডৰ নিযুক্তিকহে পৰীক্ষামূলক প্ৰক্ৰিয়াটোত সামৰি লোৱা হ’ব।
বিধেয়কখন অনুমোদনৰ পুৰ্বে একাংশ বিধায়কে জিলা ভিত্তিত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ চৰকাৰক দাবী জনায়। বিৰোধীৰ কমলাক্ষ্য দে পুৰকায়স্থ, শ্বেৰমান আলী আহমেদ আদিকে ধৰি কে’বাজনো বিধায়কে যুক্তি দৰ্শায় যে জিলা ভিত্তিত বাছনি পৰীক্ষা পাতিলেহে তেনে জিলাবোৰৰ প্ৰাৰ্থীসকল লাভবান হ’ব । প্ৰকাৰান্তৰে পদবোৰ জিলা ভিত্তিত সংৰক্ষণৰ প্ৰস্তাৱ দিয়ে এই বিধায়কসকলে ।
কিন্তু মুখ্যমন্ত্ৰীয়ে এই প্ৰস্তাৱ নাকচ কৰি কয়, ‘সংবিধানে ধাৰ্য কৰি দিয়া অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আদি শিতানতে পদ সংৰক্ষণ হ’ব। জিলা ভিত্তিত সংৰক্ষণৰ কথা আহিব নোৱাৰে।