চেন্নাইৰ এখন চিকিৎসালয়ত বিগত দহদিন ধৰি চিকিৎসাধীন হৈ থকা অগপ দলৰ জ্যেষ্ঠ বিধায়ক তথা দলটোৰ অন্যতম সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক চিকিৎসালয়ত কালি সাক্ষাৎ কৰি অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই স্বাস্থ্যৰ শেহতীয়া অৱস্থাৰ খবৰ লয়। সভাপতি আৰু কাৰ্যকৰী সভাপতিয়ে কলিতাৰ আশু আৰোগ্য কামনা কৰে৷
আনহাতে দলেয়েও তেঁওৰ দ্ৰুত আৰোগ্য কামনা কৰিছে৷ ইফালে অগপ দলৰ পশ্চিম গুৱাহাটীৰ নেতা ক্ৰমে – ৰাজেন শইকীয়া, ৰবীন দৈমাৰী, পৰেশ বৰুৱা, পৰমেশ্বৰ বৰ্মন, ভূপেন ঠাকুৰীয়া, জগন্নাথ ঠাকুৰীয়া, ৰুবুল বৈশ্য, প্ৰণৱ দাস, ভদ্ৰেশ্বৰ দৈমাৰী, শঙ্কৰ দাস, মনোৰঞ্জন দাস বড়ো, দলৰ গুৱাহাটী পৌৰ নিগমৰ পাৰিষদ ক্ৰমে – দীপাংকৰ বৈশ্য, পূৰবী তালুকদাৰ, কল্পনা দাস আৰু বিজু মেধিয়ে ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ শীঘ্ৰে আশু আৰোগ্যৰ লগতে সুস্থ হৈ পুনৰ নতুন উদ্যমৰে ৰাইজৰ কাম কৰিব পাৰে তাৰ কামনা কৰিছে। শেহতীয়াভাৱে জানিব পৰা মতে বিধায়ক কলিতা কিছু সুস্থ হৈ উঠিছে যদিও চিকিৎসকে চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ পাছত তেওঁক কিছুদিন বিশ্ৰাম তথা জিৰণি লবলৈ পৰামৰ্শ দিছে।