বিশিষ্ট সাংবাদিক তথা ফটোগ্ৰাফাৰ হৰি বিনোদ বাৰ্মাৰ দেহাৱসান ৷
মধুমেহ আৰু বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ ৭৫ বছৰ বয়সত মৃত্যুক আকোৱালি ল’লে সকলোৰে মৰমৰ ডব্লিউ দাই ৷
তেখেতৰ মৃত্যুত শোকৰ ছাঁ পৰিছে ডিব্ৰুগড়ত ৷
কৰ্মজীৱনত বহু বিশিষ্ট ব্যক্তিৰ সান্নিধ্য লাভ কৰিছিল হৰি বিনোদ বাৰ্মাই ৷
দীৰ্ঘ দিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল সাংবাদিকগৰাকী ৷
তেখেতৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ১ লাখ টকাৰ অৰ্থ সাহায্যও প্ৰদান কৰিছিল ৷
তেখেতৰ মৃত্যুত ডিব্ৰুগড় সাংবাদিক সন্থাকে ধৰি বিভিন্ন অনুস্থান তথা দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰে ।