ছাৰ্ভাৰ হেক কৰি অইল ইণ্ডিয়া লিমিটেডক ৫৫ কোটি টকা দাবী আন্তজাৰ্তিক হেকাৰ চক্ৰৰ। তথ্য চুৰিৰে অইলক বিপদত পেলোৱাৰ ব্লুপ্ৰিন্ট। অইলৰ দুলীয়াজানস্থিত মুখ্য প্ৰশাসনিক কাৰ্যালয়ত আই বি আৰু আই টি চেলৰ শীৰ্ষ বিষয়া উপস্থিত হৈ মাৰাথান অভিযান অব্যাহত ৰাখিছে ।
অইলৰ এক সূত্ৰই জানিবলৈ দিয়ামতে চি আই ডিৰ এটি দল ইতিমধ্যে ৰাওনা হৈছে দুলীয়াজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়লৈ। বৰ্তমান OILৰ সকলো কাম-কাজ অচল হৈ আছে।